মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে

সাৱটি বহুতকে ইপাৰে সিপাৰে

অ’ দৰীয়া ঘাটতে কলিজা থেকেচি

লুইতৰ বুকুতে বুকুখনি মেলি

ইফালে সিফালে আনে শুনক বুলি

ঐনিতম এফাঁকি গায় ।

 

চুই চালে চুই চালে চুই চালে বুজিবা

বুকুৰে ভিতৰত কিহৰে খহনীয়া

হে মন গ’লে মন গ’লে মন গ’লে নোৱাৰা

মচিব জানানে হৃদয়ৰে দোমোজা

কঁপি উঠা দুটি ওঁঠৰে

ৰঙা নীলা কথা মনৰে

কাক ক’ব কোনবা কাষতে

শুনিবলে সময় হ’বনে ।

 

দহ টকা দহ টকা দহ টকা ফেৰীৰে

কমলা কমলা কমলাবাৰীলে

আবেলি আবেলি আবেলি আহিলে

গধূলি গধূলি গধূলি মাজুলীলে

দেখিবা তাইৰ চকুযুৰিতে

তেজ ৰঙা নদী দুখনি

দেখিবা তাইৰ শেঁতা হাঁহিতে

খহি যোৱা যৌৱন কিজানি ।

 

মাজুলীৰ এজনী ছোৱালীয়ে গীত জোৰে

কমলাবাৰীত বহি কোনেনো শুনি থাকে

অ’ দৰীয়া ঘাটতে কলিজা থেকেচি

লুইতৰ বুকুতে বুকুখনি মেলি

ইফালে সিফালে আনে শুনক বুলি

ঐনিতম এফাঁকি গায় ।।